ডিজিটেল ডেস্কঃ বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ দ্বাৰা বিশ্বজুৰি সমাদৰ লাভ কৰা পূর্ণিমা দেৱী বৰ্মনলৈ শেহতীয়কৈ 'টাইম' আলোচনীয়ে বিশেষ সন্মান আগবঢ়াইছে। গৌৰৱৰ বিষয় যে এইগৰাকী অসম কন্যাক ২০১৮ চনতে অসমৰ আগশীৰ চেটেলাইট চেনেল প্ৰাগ নিউজে বিভিন্ন ক্ষেত্ৰৰ পৰা ১১ গৰাকী প্ৰেৰণাদায়ক মহিলাৰ সৈতে “প্ৰাগ প্ৰেৰণা বঁটা ২০১৮”ৰে সন্মানিত কৰা হৈছিল।
অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। হাড়গিলা বাইদেউ হিচাপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাড়গিলা আৰ্মী নামৰ এটি দল গঠন কৰি প্ৰকৃতি সুৰক্ষাৰ কাৰণে কাম কৰি আহিছে৷
উল্লেখযোগ্য যে বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে কেৱল অসমতে নহয়, বিশ্বজুৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ড৹ পূৰ্ণিমা দেৱী বৰ্মনে। যাৰ বাবে বৰ্তমান সময়ত অসমৰ বহু অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত সজাগ হৈছে। পূর্ণিমা দেৱী বৰ্মন বিলুপ্তপ্রায় হাড়গিলাৰ শৃংখলাৱদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ কামৰূপ জিলাৰ দদৰাত 'হাড়গিলা' চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক লগত লৈ গঠন কৰিছে হাড়গিলা আৰ্মি নামৰ এটা দল।আনহাতে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান 'গ্রীন অস্কাৰ'ৰে সন্মানিত অসম জীয়ৰী পূর্ণিমা দেৱী বৰ্মনে বিশ্ব বিখ্যাত টাইম আলোচনীৰ বৰ্ষশ্রেষ্ঠ মহিলা স্বীকৃতি লাভ কৰা প্রথমগৰাকী অসমীয়া হিচাপেও পৰিগণিত হৈছে।
Leave A Comment